কুঞ্জলতা তোমাৰ নাম তুমি হ’লা তিনিচুকীয়াৰ ছোৱালী
জানিব লাগিব ঘৰৰ কাম তেতিয়া হ’বা আমাৰ ঘৰৰ বোৱাৰী
কুঞ্জলতা তোমাৰ নাম তুমি হ’লা তিনিচুকীয়াৰ ছোৱালী
জানিব লাগিব ঘৰৰ কাম তেতিয়া হ’বা আমাৰ ঘৰৰ বোৱাৰী
বহিবলৈ পীৰা পাৰি দিবা দেই
খাবলৈ চিৰা খুন্দি দিবা দেই
মৰমতে জান বুলি মাতিলে চেনেহতে চুমা অকণ দিবা দেই
কিবা আছে নেকি পুৰণি কাহিনী
বাটতে শুনিলো তুমি বোলে
তুমি বোলে তুমি বোলে তুমি বোলে
তুমি বোলে বহুতৰ
তুমি বোলে বহুতৰ জান
শুৱালকুছি পৰা পাট কাপোৰ আনিবি তেতিয়া মৰম দিম তোক ৷
গগৈ দাৰ দোকানৰ খিলি পাণ খুৱাবি তেতিয়া হিয়া দিম তোক
নতুন এখনি ঠাই ঘুৰাবি ফুৰাবি তেতিয়া মৰম দিম তোক ৷
ঘৰৰ সকলো কাম তয়ে কৰি দিবি তেতিয়াহে পাবি মোক ৷
লাহী পাহি এপাহি ফুল মইনা ৷
পূৰ্ণিমা হ’বানে মোৰ কইনা ৷
লাহী পাহি এপাহি ফুল মইনা
পূৰ্ণিমা হ’বানে মোৰ কইনা ৷
মৰমতে সাতুৰিব পৰাকৈ শিৱসাগৰ পুখুৰীটো বুকুতলৈ ৷
আহিছো মই তোমাৰ আপোন হ’বলৈ ৷
পূৰ্ণিমা নেমেলিবা মন আনলৈ ৷
পিন্ধি মোৰ আঙুঠি
আনৰ হ'বা নেকি?
বাটতে শুনিলো তুমি বোলে
তুমি বোলে তুমি বোলে তুমি বোলে
তুমি বোলে বহুতৰ
তুমি বোলে বহুতৰ জান
জুকে খালে অ’ মাজনী পিকাই দিবি এৰিব ৷
ম’হে খালে অ’ মাজনী থপিয়াবি মৰিব ৷
জুকে খালে অ’ মাজনী পিকাই দিবি এৰিব ৷
ম’হে খালে অ’ মাজনী থপিয়াবি মৰিব ৷
বহিবলৈ পীৰা পাৰি দিবা দেই
চাহৰ লগত চিৰা ভাজি দিবা দেই ৷
মৰমতে জান বুলি মাতিলে
চেনেহতে চুমা অকণ দিবা দেই ৷
প্ৰেমৰে নিচাতে সুধিয়েই পেলালো
তাই বোলে কোনো নাই ভালেই হ’ল
মৰম লগা মৰম লগা মৰম লগা লখিমী এজনী
বোৱাৰী এজনী পালো ৷